Posts

Showing posts from April, 2011

সুৰুঙাইদি সৰকি আহে এচেৰেঙা ৰ’দ

সুৰুঙাইদি সৰকি আহে এচেৰেঙা ৰ’দ ভিজা কলিজাত পৰি উপঙি আহে সেমেকা সেমেকা গোন্ধটো…. কুলিৰ মাতত সাৰ পাই উঠে হেৰুৱা সপোনটো!!! নিৰ্জনতাৰ আঁৰে আঁৰে থমকি থমকি বৈ যায় মৰম নদীৰ ঢল হৃদয়ৰ পৰা হৃদয়লৈ…. বৰদৈচিলাই ধুৱাই নিয়া প্ৰহৰ…. উজান উঠে বিৰহী বক্ষত উত্তাপৰ উম লাগি সৰি পৰে অভিমানৰ কলিয়া ডাৱৰ….. ইয়াত এখন নদী আছিল দুয়োপাৰত জীৱন আছিল…. আজিও আছে এখন মৃতপ্ৰায় চহৰ আৰু এখন সেউজীয়া অন্তৰ….