সৰি পৰা উশাহ
অলপ পোহৰ অলপ আন্ধাৰ চাওঁ নেকি মুখখন তোমাৰ কিজানি অঁকা আছে তাত মোৰ প্ৰেমৰ স্বাক্ষৰ….. হুৰমূৰকৈ নামি আহিছিল আবতৰীয়া বৰষুণজাক ভিতৰলৈকে তিয়াই পেলাইছিল মোক! শব্দবোৰ সুৰ হৈ বৈ যাব ধৰিছিল…. বৈ আছিল লুইতখন একেদৰে…. মৰমবোৰোচোন বৈ থাকে অজানিতে… অভিমান এটিয়ে পোখা মেলে অন্ধকাৰত বাট হেৰুৱায় উশাহবোৰে…. সৰি পৰা সময়ে ৰিঙিয়াই যায় আলিদোমোজাত হাঁহিবোৰে বাট হেৰুৱায় ছাঁ-পোহৰত লুকাভাকু খেলে অভিমানৰ আঁৰে আঁৰে বিষাদ আগুৱায়….. ছাঁ-পোহৰত ভেজা দি সাৰপাই উঠিছিল জীয়া সপোন এটা… শুকান পুখুৰীটোত ঢল নামিছিল হেঁপাহৰ….. উভতি বৈছিল বতাহজাক ধূলিৰে ঢাকি ধৰিছিল চৌপাশ…. সৰি পৰা উশাহত বিয়পিছিল কলিজা পোৰাৰ গোন্ধ…. গৰাখহনীয়াত জাহ গৈছিল সময় জহি খহি গৈছিল হৃদয়খন…. অচিন ৰোগ এটাই লগ দিছিল পথ্য বিচৰাৰ আহৰি কাৰো নাছিল….. ধাৰাল নীৰৱতাই কাটি নিছিল আমঠু ধূসৰ চামনি এটা পৰিছিল বিৰক্তিৰ… তিতা পানী এখিনি উজাই আহিছিল তিতাৰ স্বাদত কোঙা হৈ গৈছিল শৰীৰ…. উৰি গ’ল এজাক শৰালি আকাশ ধিয়াই নীলাবোৰ হৈ আহে চকুৱেদি…. এইমাত্ৰ পাৰহৈ গ’ল ধুমুহাজাক এটা নতুন পুৱাৰ ৰেঙনি……