ভালপোৱা

ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনুভূতিৰ সমষ্টি ভালপোৱা । জীৱনৰ সমস্ত সেউজীয়া,আশা-আকাংক্ষা,হেঁপাহ,অনুভৱ-অনুভূতি শ্ৰদ্ধা-সন্মান ইত্যাদিৰ যোগফলেই হৈছে প্ৰেম, ভালপোৱা । বসন্তৰ মনোমোহা পৰিবেশৰ দৰে শুভ্ৰ আকাশৰ তলত হালি থকা নীৰৱ শান্ত কহুঁৱা বনৰ দৰে, শৰতৰ জোনাকৰ আগচোতালৰ শেৱালীজোপাৰ দৰে নীৰৱ-শান্ত ভালপোৱাৰ অনুভূতি। মুঠৰ ওপৰত এক স্বৰ্গীয় পবিত্ৰতাৰ নাম ভালপোৱা। ভালপোৱা আছে বাবেই পৃথিৱীখন সেউজীয়া হৈ আছে। ভালপোৱা আছে বাবেই পুৱাৰ সূৰুযৰ কিৰণত ফুলবোৰে পাহি মেলি হাঁহিছে, ভালপোৱা আছে বাবেই গছবোৰত ন-কুঁহিপাত ওলাইছে, ভালপোৱা আছে বাবেই প্ৰভাতী পক্ষীৰ সুৰত সমগ্ৰ জগতখন আনন্দত নাচিছে। কেৱল মাত্ৰ ভালপোৱা আছে বাবেই মোৰ, তোমাৰ আৰু অনন্যজনৰ হৃদয়ত সৃষ্টি হয় এখন সেউজীয়া পৃথিৱীৰ, এখন মুক্ত আকাশ আৰু এমুঠি প্ৰেমৰ জোনাকৰ ।। ভালপোৱাৰ অন্য এক পৰিচয় ত্যাগ। কেৱল প্ৰাপ্তিয়েই জানো জীৱনৰ সক’লো ? পৃথিৱীৰ প্ৰত্যেকজন মানুহৰে একোটা মন, একোখন স্বাধীন হৃদয় আছে। প্ৰত্যেক মানুহে সপোন দেখিব পাৰে,কাৰোবাক ভালপাব পাৰে,সেয়া স্বাভাৱিক। কিন্ত জীৱনৰ সঁচা ভালপোৱা মানেই অকৃত্ৰিম ভালপোৱা, যাক কো...