জীৱনৰ দীঘ

অন্তহীন অপেক্ষাবোৰ
বৈ থাকে নিৰৱধি
যাতনাৰ ধাৰত কাটে
কলিজাৰ কোঠালীৰ
সেমেকা মাটি
দুচকুৰ বৰষুণত
ভিজি ভিজি
জাৰত শীৰ্ণ শীতৰ
ৰাতিও নকপে
বুকুৰ পদুলি
এতিয়া উশাহৰ
বাণিৰে
জুখিব পাৰি
জীৱনৰ দীঘ ॥

Comments