Posts

Showing posts from April, 2015

বিষণ্ণ সময়

প্ৰতিশ্ৰুবোৰ এতিয়া ধোঁৱা চাঙৰ ওপৰত, ঘৰৰ বেৰ, খোটা বোৰতও উঁইয়ে   খাইছে ভিতৰে ভিতৰে ।   বৰষুণত উৰুষিছে ঘৰটো;   ফুটা চালখনৰ বাবে ।   পাহৰি গলা তুমি   তাহানিতে কোৱা কথাবোৰ ।   তোমাক এৰি কেতিয়াও   থাকিব নোৱাৰো বুলি   তুমি মোক ভাল লগাবলৈকেহে কৈছিলা চাগে ।   এতিয়া সেই কথাবোৰৰ বাবে   মই বৰ কষ্ট পাই থাকো নিৰীহৰ দৰে ।   কৰুণতাৰ বতাহে জোকাৰি যায় , কি যে আজিৰ এই বিষণ্ণ সময় ।।