বিষণ্ণ সময়

প্ৰতিশ্ৰুবোৰ এতিয়া ধোঁৱা চাঙৰ ওপৰত,
ঘৰৰ বেৰ, খোটা বোৰতও উঁইয়ে 
খাইছে ভিতৰে ভিতৰে । 
বৰষুণত উৰুষিছে ঘৰটো; 
ফুটা চালখনৰ বাবে । 
পাহৰি গলা তুমি 
তাহানিতে কোৱা কথাবোৰ । 
তোমাক এৰি কেতিয়াও 
থাকিব নোৱাৰো বুলি 
তুমি মোক ভাল লগাবলৈকেহে কৈছিলা চাগে । 
এতিয়া সেই কথাবোৰৰ বাবে 
মই বৰ কষ্ট পাই থাকো নিৰীহৰ দৰে । 
কৰুণতাৰ বতাহে জোকাৰি যায় ,
কি যে আজিৰ এই বিষণ্ণ সময় ।।

Comments

Popular posts from this blog

ভালপোৱা

আকাংক্ষা

ভালপোৱাৰ বৰষুণ