আকাংক্ষা

তুমি বুলি আৰম্ভ হোৱা
এই নতুন জীৱনটোৰ,
তোমাতেই সমাপ্ত হোৱাৰ মন।
শব্দৰ গাত ভেজা দি বৈ অহা 
অভিমানী বৰষুণজাকৰ উন্মাদনা ,তুমি নুবুজিবা 
তুমি নুবুজিবা মোৰ মনৰ কথা
অনুভৱ কৰিবও নোৱাৰা, মোৰ হৃদয়ৰ শব্দৰ বিননি
নুবুজিবা হৃদয় ভঙাৰ বেদনা কিমান !
হৃদয়ৰ পিনে আগবঢ়া প্রতি খোজত বিষাদৰ 
বিভৎস বেদনা ......
মইও বুজাব নোৱাৰো ভাষাৰে
মনাকাশ মোৰ বিষাদেৰে ভৰা,
বহুতৰ মাজত থাকিলেও
অনুভৱ নিথৰুৱা
বুকুখন কিবা উদং উদং
কিন্তু তোমাক দেখিলে তাত ৰামধেনু ওলায়,
বেলিটিয়ে মোলে চাই হাঁহে,
কি জানো কব খোজে ?
উফ এই বতাহজাক কৰ পৰা যে আহিল,
মোৰ লাজকণ উৰুৱাই নিব খোজে,
বৰ নিলাজ দেই।
কিন্তু এয়া কি,
ইয়াত ....... 
তুমি নুবুজিবা ।।


(মনে বিচৰা ধৰণে তুমি সুখী হোৱা দ্বীপ)


Comments

Popular posts from this blog

ভালপোৱা

ভালপোৱাৰ বৰষুণ