শূন্যতা
আজীৱন সেউজীয়া সপোনবোৰ লাহে লাহে উজাই আহে কেতিয়াবা নিজে নিজক প্ৰশ্নবোধক সাজি এখন পালতৰা নাওঁ দিঙা মেলি আহে মই মোক মোৰ বুলি প্ৰশ্ন কৰি সোধো নিজকে চিনিবলৈ কিমান অনুশীলন নিজৰ বাবে সীমিত ??? প্ৰতি পলে পলে সুখবোৰ নোহোৱা হৈ এন্ধাৰ সৰিছে মোৰ জীৱনলৈ… ৰাতি দোভাগত আজিকালি প্ৰায়েই চকুলো নিগৰে মোৰ,কি এক বিষাদ আজিও হৃদয়খন শূন্যতাৰে ভৰা।। এনে দৰেই এদিন নীৰৱে আতঁৰি যাম সকলোৰে পৰা………