ভালপোৱা

তোমাৰ ৰৌদ্ৰোজ্জল শব্দ শিপাই আছে
মোৰ বুকুৰ বাহিৰে ভিতৰে
সপোন ভগাৰ বতৰত
আহিছিলা মোৰ পদুলিত
সিঁচিছিলা এটি প্ৰেমৰ বীজ
আকাশখনে সেইদিনা
বোৱাইছিল আনন্দাশ্ৰু
জীপাল হৈছিল মোৰ বুকুৰ
খৰাং পথাৰ॥

Comments

Popular posts from this blog

ভালপোৱা

আকাংক্ষা

ভালপোৱাৰ বৰষুণ