ফাগুন কবিতা
ফাগুন যেন মিঠা প্রেমৰ এটা গুণগুণ সুৰ
যি সুৰে লঠঙা ডালত ৰং সানে
মন হৈ পৰে উন্মনা
বতাহত কঁপি থকা
মোৰ হৃদয়ৰ বতৰা
বিচাৰি ৰিঙা ৰিঙা এই মায়াসনা দুপৰীয়া
কোনেনো বজায় উদং পথাৰত ফাগুনৰ সুহুৰি
পাখি মেলি সপোন এজাক উৰা মাৰে গোপনে গোপনে।
যি সুৰে লঠঙা ডালত ৰং সানে
মন হৈ পৰে উন্মনা
বতাহত কঁপি থকা
মোৰ হৃদয়ৰ বতৰা
বিচাৰি ৰিঙা ৰিঙা এই মায়াসনা দুপৰীয়া
কোনেনো বজায় উদং পথাৰত ফাগুনৰ সুহুৰি
পাখি মেলি সপোন এজাক উৰা মাৰে গোপনে গোপনে।
Comments
Post a Comment