Posts

ভালপোৱাৰ বৰষুণ

Image
মোক জিৰাব দিয়া তোমাৰ স্নেহ বৃক্ষৰ ছাঁত জানো সুজিব নোৱাৰা ধাৰত পোত গৈছো প্ৰতিপল প্ৰতিক্ষণত মোৰ সপোন দেখা দুচকু ডুবিছে দুহাতৰ আৱিৰসনা কৃষ্ণচূড়াৰ বৰণত তোমাৰ প্ৰেম অবিহনে শুকান মোৰ হৃদয়ৰ মাটি সজীৱ কৰা মোক তিতিব দিয়া তোমাৰ ভালপোৱাৰ বৰষুণত॥

একাজলি অনুভৱ

Image
তোমাৰ অজানিতে তোমাক অলপ বেছিকৈ ভাল পায় পেলাইছো ফাগুনৰ পচোৱা জাকক সোধো তোমাৰ বতৰা আকাশ চুব খোজা গছবোৰে নাজানে তোমাৰ বতৰা বতাহৰ সেউজীয়া ডিঙৰাত উঠি আহে নীলা খামৰ চিঠি ॥
তুমি নুবুজিবা, যেতিয়া অকলশৰে নিদ্ৰবিহীন ৰাতিটো পাৰ কৰোঁ, যেতিয়া গাৰুটো মুখত হেচি ধৰি বৈ যোৱা চকুলু আৰু অসহায় বেদনাৰ চিঞৰ নিৰ্দয়ী সমাজৰ পৰা দূৰত লুকাই ৰাখো। তেতিয়া অনুভৱ হয় সঁচা প্ৰেমৰ বেদনা কি। তুমি নুবুজিবা, যেতিয়া হেজাৰ জনৰ মাজতো   নিজকে অকলশৰীয়া অনুভৱ হয়, যেতিয়া মনৰ দুখ আনন্দ   বেক্ত কৰাৰ কোনো নাথাকে কষ্ট কাক কয়, তেতিয়া বহুত ভালদৰেই অনুভৱ হয়। তুমি নুবুজিবা, হয়তো তুমি কেতিয়াও বুজাৰ চেষ্টাই কৰা নাই।

আকাংক্ষা

Image
তুমি বুলি আৰম্ভ হোৱা এই নতুন জীৱনটোৰ, তোমাতেই সমাপ্ত হোৱাৰ মন। শব্দৰ গাত ভেজা দি বৈ অহা   অভিমানী বৰষুণজাকৰ উন্মাদনা ,তুমি নুবুজিবা   তুমি নুবুজিবা মোৰ মনৰ কথা অনুভৱ কৰিবও নোৱাৰা, মোৰ হৃদয়ৰ শব্দৰ বিননি নুবুজিবা হৃদয় ভঙাৰ বেদনা কিমান ! হৃদয়ৰ পিনে আগবঢ়া প্রতি খোজত বিষাদৰ   বিভৎস বেদনা ...... মইও বুজাব নোৱাৰো ভাষাৰে মনাকাশ মোৰ বিষাদেৰে ভৰা, বহুতৰ মাজত থাকিলেও অনুভৱ নিথৰুৱা বুকুখন কিবা উদং উদং কিন্তু তোমাক দেখিলে তাত ৰামধেনু ওলায়, বেলিটিয়ে মোলে চাই হাঁহে, কি জানো কব খোজে ? উফ এই বতাহজাক কৰ পৰা যে আহিল, মোৰ লাজকণ উৰুৱাই নিব খোজে, বৰ নিলাজ দেই। কিন্তু এয়া কি, ইয়াত .......   তুমি নুবুজিবা ।। (মনে বিচৰা ধৰণে তুমি সুখী হোৱা দ্বীপ)

ফাগুন কবিতা

ফাগুন যেন মিঠা প্রেমৰ এটা গুণগুণ সুৰ   যি সুৰে লঠঙা ডালত ৰং সানে   মন হৈ পৰে উন্মনা বতাহত কঁপি থকা   মোৰ হৃদয়ৰ বতৰা   বিচাৰি ৰিঙা ৰিঙা এই মায়াসনা দুপৰীয়া   কোনেনো বজায় উদং পথাৰত ফাগুনৰ সুহুৰি   পাখি মেলি সপোন এজাক উৰা মাৰে গোপনে গোপনে।

অভিমান

নিজানত সাৰ পোৱা উচুপনিবোৰক ফুচুলাই শান্ত কৰাৰ আখৰাত মোহ গৈছোঁ ; .. আঁৰি লৈছোঁ মনত সাহৰ ভাগ পঁজাটো, কোনোবাই বিচাৰি পোৱা অবান্তৰ অভিমানবোৰো খামোচি ধৰিছোঁ, .. সমল নহ’লেওঁ জীৱন আঁজুৰি আনিছোঁ ৷ … কৃত্ৰিম হাঁহিৰ উম দি উচুপনিবোৰ আকৌ শুৱাই ৰাখিছোঁ ৷

ভালপোৱা

Image
ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনুভূতিৰ সমষ্টি ভালপোৱা । জীৱনৰ সমস্ত সেউজীয়া,আশা-আকাংক্ষা,হেঁপাহ,অনুভৱ-অনুভূতি শ্ৰদ্ধা-সন্মান ইত্যাদিৰ যোগফলেই হৈছে প্ৰেম, ভালপোৱা । বসন্তৰ মনোমোহা পৰিবেশৰ দৰে শুভ্ৰ আকাশৰ তলত হালি থকা নীৰৱ শান্ত কহুঁৱা বনৰ দৰে, শৰতৰ জোনাকৰ আগচোতালৰ শেৱালীজোপাৰ দৰে নীৰৱ-শান্ত ভালপোৱাৰ অনুভূতি। মুঠৰ ওপৰত এক স্বৰ্গীয় পবিত্ৰতাৰ নাম ভালপোৱা। ভালপোৱা আছে বাবেই পৃথিৱীখন সেউজীয়া হৈ আছে। ভালপোৱা আছে বাবেই পুৱাৰ সূৰুযৰ কিৰণত ফুলবোৰে পাহি মেলি হাঁহিছে, ভালপোৱা আছে বাবেই গছবোৰত ন-কুঁহিপাত ওলাইছে, ভালপোৱা আছে বাবেই প্ৰভাতী পক্ষীৰ সুৰত সমগ্ৰ জগতখন আনন্দত নাচিছে। কেৱল মাত্ৰ ভালপোৱা আছে বাবেই মোৰ, তোমাৰ আৰু অনন্যজনৰ হৃদয়ত সৃষ্টি হয় এখন সেউজীয়া পৃথিৱীৰ, এখন মুক্ত আকাশ আৰু এমুঠি প্ৰেমৰ জোনাকৰ ।। ভালপোৱাৰ অন্য এক পৰিচয় ত্যাগ। কেৱল প্ৰাপ্তিয়েই জানো জীৱনৰ সক’লো ? পৃথিৱীৰ প্ৰত্যেকজন মানুহৰে একোটা মন, একোখন স্বাধীন হৃদয় আছে। প্ৰত্যেক মানুহে সপোন দেখিব পাৰে,কাৰোবাক ভালপাব পাৰে,সেয়া স্বাভাৱিক। কিন্ত জীৱনৰ সঁচা ভালপোৱা মানেই অকৃত্ৰিম ভালপোৱা, যাক কো...