শূন্যতা

আজীৱন সেউজীয়া সপোনবোৰ লাহে লাহে
উজাই আহে কেতিয়াবা নিজে নিজক
প্ৰশ্নবোধক সাজি
এখন পালতৰা নাওঁ দিঙা মেলি আহে মই
মোক মোৰ বুলি প্ৰশ্ন কৰি সোধো নিজকে
চিনিবলৈ কিমান অনুশীলন নিজৰ বাবে
সীমিত ???
প্ৰতি পলে পলে সুখবোৰ নোহোৱা হৈ
এন্ধাৰ সৰিছে মোৰ জীৱনলৈ…
ৰাতি দোভাগত আজিকালি প্ৰায়েই
চকুলো নিগৰে মোৰ,কি এক বিষাদ
আজিও হৃদয়খন শূন্যতাৰে ভৰা।।
এনে দৰেই এদিন নীৰৱে আতঁৰি যাম
সকলোৰে পৰা………

Comments

  1. আজন্ম সেউজীয়া সপোনবোৰ
    লাহে লাহে
    উজায়
    এখন পালতৰা নাওঁ দিঙা মেলি আহে
    মই মোক সুধো
    কিমান অনুশীলন লাগে
    সাউদৰ নাৱৰ পৰা সুখ বুতলিবলৈ
    এন্ধাৰ আঁতৰাব পৰাকৈ
    দোভাগ ৰাতিযে আজিকালি প্ৰায়েই
    চকুলো সৰে, বিষাদ ফুলে
    শূন্য মোৰ হৃদয় তৃষ্ণাতুৰ হৈ পৰে
    কিয় হাস্নাহানাৰ সুগন্ধ পুৱা হ'লে
    আজিও আঁতৰে...
    কিয় শেৱালীৰ পাহিবোৰ
    নিয়ৰৰ দলিচাত বাগৰি বাগৰি উচুপে...

    (শুভেচ্ছাৰে তোমাৰ কবিতা তোমালৈয়ে)

    ReplyDelete
    Replies
    1. ধন্যবাদ...... বহুখিনি সাদৃশ্য আছে !

      Delete

Post a Comment

Popular posts from this blog

ভালপোৱা

আকাংক্ষা

ভালপোৱাৰ বৰষুণ